প্ৰতিবিম্ব
চহৰখনৰ ষ্টিট লাইটৰ পোহৰে ঢুকি নোপোৱা চুকটোত ৰমনী বাইৰ ঘৰ। মনোৰোগ বিশেষজ্ঞৰ চেম্বাৰৰ পৰা ওলাই ৰিক্সাখনত উঠি নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ল'ৰাকেইটাক দেখি বাই নিশ্চুপ হ'ল। আন্ধাৰৰ আঁৰৰ সিঁহতৰ মুখা পিন্ধা দেউতাকহঁতৰ প্ৰকৃত ৰূপ বাইৰ চকুৰ আগত ভাঁহি আহিল।
পৰিণতি
"বিভিন্ন অনৈতিক কাৰ্যকলাপত জড়িত , সভাই-সমিতিয়ে মোটা অংকৰ টকা উপহাৰ দিয়া ৰমেনক অনুষ্ঠানৰ দায়িত্ব দিয়া হ'ল। অনুষ্ঠান বন্ধ হোৱাৰ ১০ বছৰৰ পাছত ৰমেনৰ নাম প্ৰস্তাৱ কৰা অমলে গভীৰ হুমুনিয়াহেৰে যুৱকসকলক উদ্দেশ্যি ক'লে, " দায়িত্ব লোৱাৰ দিন ধৰি ৰমেনে কেৱল টকা- পইচাকেইটাতহে চকু দিলে ।"
প্ৰতিক্ৰিয়া
কামৰ সীমাহীন ব্যস্ততাৰ মাজত পোৱা সময়ত ৰয়,বৰুৱাহঁতে সীমাৰ কথাকে পাতে। সীমা ক'ত গৈছে, কি পিন্ধিছে , কাৰ লগত কি আছে ইত্যাদি....। কথাৰ সীমা চেৰাই যোৱা দিনা মুখত এমোকোৰা হাঁহিৰে সদায় শান্ত সীমাই পৰিৱেশ অশান্ত কৰি তুলিলে।
অপমৃত্যু
টি. ভিত ৭ বজাৰ নিউজ। ৰঙা কাঁড় চিনেৰে " এইজনলৈ চাওক, এইজন ঠগ .... " । অম্লানে মা বুলি মৰা চিঞৰত প্ৰীতি উধাতু খাই আহিল । অম্লানৰ দেউতাকৰ এই খবৰ বিদুৎ গতিত বিয়পিবলৈ বেছি সময় নালাগিল। কাঠগড়াৰ বিচাৰত ন্যায় পোৱা দেউতাকৰ আত্মহত্যাৰ পাছত ঘৰখনত সম্প্ৰতি কেৱল শূন্যতা, নীৰৱতা।
(ৰচনাকাল : জুলাই, ২০২৫ )
লেখকৰ ঠিকনা :- নকটানি গাওঁ, গৌৰীসাগৰ।
Comments
No comments yet. Be the first to share your thoughts!
Join the Conversation
You must be logged in to post a comment.
Log In Sign Up