স্নিগ্ধ নিশাৰ জোনাক ৰাতি
আইতাৰ চোতালত
ভৰি থৈ নাচে
এজাক শুকুলা ঘোঁৰাই
টক টক টক কৰি
সাধু কথাবোৰ মোনাত ভৰাই
উৰা মাৰে অজান দেশলৈ.…।
সৰগৰ পৰীবিলাক
নামি আহি
মাটিৰ পিৰালীত বহে
অনুভৱী জোনাক ৰাতিক
বেজি দি চিলাই
ডাৱৰৰ সৈতে লোকাভাকু দেখি
নিশা চন্ন আকাশত
আইতাৰ পানীকেচুৱাই
কান্দি কান্দি
লহপহকৈ বাঢ়ে…।
কেতিয়াবা জোনাবাই
অভিমানী হৈ
সংজ্ঞা বিচাৰে
আওসী ৰাতিত
টিপ টিপ কৰা
জোনাকী পৰুৱা
পুৰণী মমবাতিৰ পহৰালৈ….।
দেৱব্ৰত বৰুৱা
মৰাণহাট, ঊষাপুৰ।
Comments
No comments yet. Be the first to share your thoughts!
Join the Conversation
You must be logged in to post a comment.
Log In Sign Up